ডিব্ৰুগড়, ১৫ ডিছেম্বৰ ( হি স )। ছাত্ৰী নিৰ্যাতনৰ অভিযুক্ত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদত আজি কঁপি উঠিল মৰাণ নগৰ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, মৰাণ আঞ্চলিক সমিতি, মৰাণ আঞ্চলিক গোৰ্খা নাৰী পৰিষদ আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত এই প্ৰতিবাদ সাব্য়স্ত কৰা হয়। প্ৰতিবাদস্থলীত মোতায়ন কৰা হয় বৃহৎ আৰক্ষী বাহিনী।
উল্লেখ্য যে, যোৱা বুধবাৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সীৰঞ্জীৱ ভট্টাচাৰ্যই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আৰু ইয়াৰ পিছতে মৰাণহাট আৰক্ষীয়ে পৌছকৌ এক্টৰ অধিনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । পৰিতাপৰ বিষয় যে আইনৰ সুৰুঙা লৈ আঠ ঘণ্টা নহঁওতেই জামিন পাবলৈ সক্ষম হয় অভিযুক্ত অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য। ইয়াৰে খঙত অগ্নিশৰ্মা হৈ প্ৰতিবাদমুখৰ হৈ পৰে গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা নাৰী পৰিষদ আৰু স্থানীয় জনগোষ্ঠীয় সংগঠন। ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল, চক্ৰ বীষয়া উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
