কোকৰাঝাৰ, ২৩ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত পেচাডাৱৰী গাঁৱৰ মংগল বেশ্ৰা (৪৫) নামৰ লোকজন নিৰুদ্দেশ হৈ থকা ঘটনাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে ৷ প্ৰায় তিনিমাহ মান পূৰ্বে নিজ গৃহৰ পৰা মেঘলায়লৈ কামৰ সন্ধানত ওলাই যোৱা মংগল বেশ্ৰা আজিলৈকে নিজ গৃহত উপস্থিত নোহোৱাৰ লগতে পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰা নাই ৷
পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মংগল বেশ্ৰা মেঘালয়ত কামৰ সন্ধানত গৈ নিৰুদ্দেশ হৈ থকাত বেশ্ৰাৰ পত্নীয়ে পাঁচটা সন্তানক লৈ অতি কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ কোনো সদাশয় ব্যক্তিয়ে নিখোজ হৈ থকা মংগল বেশ্ৰাৰ সন্ধান পালে 8761052825 নতুবা 7099510473 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
