নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। শেহতীয়াকৈ আমেৰিকাত অনুষ্ঠিত হোৱা ১৬ সংখ্যক বিশ্ব ৱুছু চেম্পিয়নশ্বিপত পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোশীবিনা দেৱী, কুশল কুমাৰ আৰু ছৱিক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অভিনন্দন বাৰ্তাত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘‘আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ অনুষ্ঠিত ষোড়শ বিশ্ব ৱুচু চেম্পিয়নশ্বিপত পদক জয় কৰাৰ বাবে মই আমাৰ ৱুছু চেম্পিয়ন ৰোশিবিনা দেৱী, কুশল কুমাৰ আৰু ছৱীক অভিনন্দন জনাইছো। তেওঁলোকৰ সংকল্প আৰু দক্ষতাই দেশখনক সঁচাকৈয়ে গৌৰৱান্বিত কৰিছে। মই এইটোও নিশ্চিত যে তেওঁলোকৰ সফলতাই ভাৰতত ৱুচু খেলক অধিক জনপ্ৰিয় কৰি তুলিব। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলৈ মোৰ শুভেচ্ছা।’’
হিন্দুস্থান সমাচাৰ/জিতেন্দ্ৰ/মনোজ
