হোজাই, ০৪ ফেব্ৰুৱাৰী : হোজাই জিলাৰ লংকাৰ ১নং পিপলপুখুৰীৰ শিৱ মন্দিৰত যোৱানিশা চুৰিকাণ্ড সংঘটিত হয়। মন্দিৰৰ তলা ভাঙি প্ৰৱেশ কৰি লুটপাত চলাই চোৰে লুটি নিয়ে দুই লক্ষাধিক টকাৰ পিতলৰ বহু সা- সামগ্ৰী।
মণিকূটৰ পৰা ভগৱান গোপালৰ পিতলৰ ৪ কেজি ৮ শ গ্ৰামৰ মূৰ্তিটোও লৈ যায় চোৰে। ইফালে পুৱা তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছত পোহৰলৈ আহে চুৰিকাণ্ডৰ কথা। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে ।
