দৰং, ১১ জানুৱাৰী(হি.স.)। সমগ্ৰ অসমৰ লগতে দৰং জিলাৰ মঙলদৈত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিব ধৰিছে। মঙলদৈৰ ডাহীত নিৰ্মাণ কৰিছে এটি বিশেষ ভেলাঘৰ। টাইটানিক জাহাজৰ আৰ্হি হিচাবে লৈ গাঁও খনৰ ডেকা সকলে সুন্দৰকৈ নিৰ্মান কৰিছে সুউচ্চ ভেলাঘৰটো।
ৰাইজৰ দান বৰঙনি আৰু প্ৰায় ৩৬০ ডাল বাঁহেৰে নিৰ্মান কৰিছে টাইটানিক সদৃশ ভেলাঘৰটো। কোনোৱে যদি কাটিছে নৰা আকৌ কোনোৱে কাটিছে খৰি। প্ৰায় এমাহৰ পৰা ডেকা চেমনীয়া সকলে ভেলাঘৰ নিৰ্মান কৰি অঞ্চলৰ সকলোৱে উৰুকাত এসাঁজ লগে ভাগে খোৱাৰ প্ৰস্তুতি চলাই আছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
