চিৰাং, ১৮ জুলাই (হি.স.)। চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চলৰ ১ নং লক্ষীঝোৰা গাওঁত বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই গাঁও খনৰ এগৰাকী বৃদ্ধাৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পকী বাসগৃহ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে।
বৃদ্ধা গৰাকী গৌৰী বৰ্মন (৭০)। কাষৰীয়া সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা ওলাই অহা বনৰীয়া হাতীয়ে গাওঁ খনত প্ৰৱেশ কৰি বৃদ্ধা গৰাকী শুই থকা অৱস্থাত উপদ্ৰৱ চলায়। ফলত আহত হয় বৃদ্ধা গৰাকী। পুৱা বন বিভাগৰ লক্ষীঝোৰা বীট কাৰ্যালয়ৰ বনকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
