
বঙইগাঁও, ১০ ছেপ্টেম্বৰ (হি.স.)। আঞ্চলিক দল অসম গণ পৰিষদ চমুকৈ অগপৰ অভয়াপুৰীৰ নেতা মুজাফৰ হুছেইনৰ ৪ হত্যাকৰীক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ৬ ছেপ্টেম্বৰ শনিবাৰে অভয়াপুৰীৰ বৰ-নাৰিকলাত উদ্ধাৰ কৰা হৈছিল অগপ নেতা মুজাফৰ হুছেইনৰ মৃতদেহ ।
প্ৰাথমিক তদন্তত এয়া এক হত্যাকাণ্ড বুলি নিশ্চিত হৈছিল আৰক্ষী। অভয়াপুৰী আৰক্ষী থানাত ২১২/২৫ নম্বৰত গোচৰ ৰুজু কৰি ৭২ ঘন্টাৰ ভিতৰত আজি আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ লগত জঢ়িত বুলি লুৎফাৰুল, ৰফিকুল, মহাবুবুৰ আৰু মেহবুবা ইয়াছমিনক গ্ৰেপ্তাৰ কৰে।
এই হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড নে অইন বিষয় জঢ়িত আছে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য সদৰী কৰা নাই।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
