
বাক্সা, ৩০ আগষ্ট (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীৰ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীয়ে যোৱা কালি শুকুৰবাৰে সন্ধিয়া আত্মসমৰ্পন কৰে ।হত্যাকাৰী ভাৰ্গৱ ডেকাই আত্মসমৰ্পন কৰে গোৰেশ্বৰ আৰক্ষী থানাত ।
উল্লেখ্য় যে কটাৰীৰে ডিঙি কাটি নিজৰ ভাই বোৱাৰীক হত্যা কৰিছিল ভাৰ্গৱে । বিবাহৰ এবছৰ সম্পূৰ্ণ নহওতেই হত্যাৰ বলি হ’ব লগীয়া হৈছিল বোৱাৰী ডলি ডেকা । ভাৰ্গৱৰ ভাতৃ প্ৰাণজিত ডেকাৰ পত্নি আছিল ডলি ডেকা । পাৰিবাৰিক সংঘাটাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি এই মুহুৰ্তত জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
