
নতুন দিল্লী, ১১ জানুৱাৰী (হি.স.) । সন্ত্ৰাসবাদী-গেংষ্টাৰ গোচৰত বৃহস্পতিবাৰে দিল্লী, হাৰিয়ানা আৰু পঞ্জাৱত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অভিযান চলায়।
এনআইএৰ তথ্য অনুসৰি এই ৰাজ্যসমূহৰ ৩২টা স্থানত অভিযান আৰু তালাচী চলোৱা হৈছে। বাতৰি লিখাৰ সময়লৈকে অব্যাহত আছে তদন্ত।
হাৰিয়ানাৰ শোনিপাটত সংঘটিত হোৱা সিদ্ধু মূছেৱালা হত্যাকাণ্ডৰ সৈতে জড়িত এন আই এৰ অভিযান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/ বিৰঞ্চি/মনোজ
