গুৱাহাটী, ২৪ আগষ্ট (হি.স.)। জমিয়ত উলেমায়ে হিন্দৰ মুৰব্বী মহম্মদ আছাদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যি কটু মন্তব্য কৰিছে সেই সন্দৰ্ভত এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদ হৈছে। ইয়াৰ মাজতে আজি অসম বিধানসভাৰ বিৰোধী দলপতি এপিচিচিৰ নেতা তথা বিধায়ক দেৱব্ৰত শইকীয়াইও জমিয়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা এনে মন্তব্যৰ গৰিহণা দিয়ে।
তেওঁ সংবাদ মাধ্যমক কয় যে জমিয়তে স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ সৈতে সহযোগ কৰিছিল যদিও পৰৱৰ্তী সময়ত ৰাজনীতিৰ নামত বিভাজনৰ পথ বাছি লৈছে। বহুদা বিভক্ত জমিয়তে অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ ওপৰত চলা অত্যাচাৰ দেখা নাপায়, কেৱল মুছলমানৰ ওপৰত হোৱা অত্যাচাৰ দেখিবলৈ পাই। বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত জমিয়তে ইন্ধন যোগাই অসমৰ সামাজিক ঐক্যক দুর্বল কৰিছে। মুখ্যমন্ত্ৰীৰ ওপৰত জমিয়তে দিয়া মন্তব্য অতি দুৰ্ভাগ্যজনক।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
