তিৰোভাৱ তিথিত ব্যাসকুছিত আজি উখল-মাখল পৰিৱেশ
বৰপেটা, ০৩ জানুৱাৰী (হি.স.)। আজি পুহ ১৪৩০ ভাস্কৰাব্দ আৰু০৩/০১/২০২৪ইংতাৰিখে ব্যসকুছি সত্ৰত শ্ৰী শ্রী বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ভাৰতৰ প্ৰথম গদ্য লিখক কবিৰত্ন মহাপুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ গুৰু আছিল দামোদৰ দেৱ।
মহাপুৰুষ দামোদৰ দেবে পাটবাউসী সত্ৰ আৰু ব্যসকুছি সত্ৰৰ দায়ত্ব ভট্টদেৱৰ ওচৰত অর্পন কৰিছিল। মহাপুৰুষ ভট্টদেৱৰ জন্ম ১৫৫৮ খ্ৰীষ্টাব্দ বৰপেটা জিলাৰ বিছানকুছিত জন্ম হৈছিল। দামোদৰ দেৱৰ প্ৰিয় শিষ্য আছিল মহাপুৰুষ ভট্টদেৱৰ বিশেষ ব্যক্তিত্বৰ অধিকাৰী পণ্ডিত আৰু মহান সৃজনশীল মহাপুৰুষ আছিল এইজনা মহাপুৰুষে ব্যসকুছি সত্ৰত ১৬৩৮ খ্রীষ্টাব্দত পুহ মাহৰ কৃষ্ণা সপ্তমী তিথিত ইহলীলা সম্বৰণ কৰে আৰু ব্যাসকুছি ৰাইজে পৰম্পৰগত চাদা তুলি গুৰুজনাৰ তিৰোভাৱ তিথি তেতিয়াৰ পৰাই ব্যসকুছি সত্ৰত এই মহান গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰি আহিছে। আজি ভট্টদেৱৰ ৩৮৬ সংখ্যক তিৰোভাৱ তিথি সভা মহোৎসৱ ৭দিনীয়াকৈ পালন কৰে । ৰাতিপুৱা ৫বজাত প্ৰভাত ফেৰি ৮বজাত ভাগৱত শোভাযাত্ৰা আৰু আবেলি ৪বজাত সোঁৱৰণী সভা অনুষ্ঠানেৰে সভাপতি শ্ৰী সুৰেন্দ্ৰ নাথ বৰ্মন সম্পাদক শ্ৰী জ্যোতিষ চন্দ্ৰ বৰ্মন (ভট্টদেৱ তিথি মহোৎসৱ পৰিছালনা সমিতি ) মূখ্য অতিথি শ্ৰী ময়ূৰ বৰা বিশিষ্ট অতিথি শ্ৰী অভয় বৰ্মন (সভাপতি সদৌ অসম দেৱ দ্বামোদৰ সংঘ) সন্মানিয় অতিথি শ্ৰী হৰেন্দ্ৰ নাথ ডেকা নিদ্দিষ্ট বক্তা শ্ৰী দ্ধীপজ্যোতি বৰপূজাৰি আমন্ত্ৰীত অতিথি শ্ৰী লিলাধৰ দাস(শিক্ষাৰত্ন চেঙা খণ্ড প্ৰাথমিক শিক্ষাবিষয়া উপস্থীত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.
