গোলাঘাট, ২৩ অক্টোবৰ (হি.স.)।অসমৰ বিভিন্ন স্থানত অসমৰ ৰাইজৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন হৈছে। বোকাখাতত প্ৰাক্তন বিধায়ক জিতেন গগৈৰ উদ্যোগত হাৰ্টথব জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধ। হিয়াৰ আমঠু গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনৰ পৰা এটা মাহ সম্পূৰ্ণ হোৱাত বোকাখাত নিৰ্মাণ গোটৰ উদ্যোগত বোকাখাত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখত পালন কৰা হয় শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য বৃন্দৰ লগতে জেষ্ঠ অভিনেতা অৰুণ হাজৰিকা আৰু শতাধিক জুবিন গাৰ্গৰ অনুৰাগী। উক্ত শ্ৰদ্ধাঞ্জলি অনুস্থানত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
