দৰং, ২৪ নৱেম্বৰ (হি.স.)। দৰং জিলাৰ ছিপাঝাৰত বিগত কেইবা বছৰ ধৰি বিকল হৈ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিয়াগোম এখন পানী যোগান আঁচনি। ছিপাঝাৰৰ বছাছুবা পানী যোগান আঁচনি খন বিকল হৈ পৰিছে । ইয়াৰ ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে গাঁওবাসী সকল।
বছাছুবা পানী যোগান আঁচনি খন বিকল হৈ থকা সত্বেও কোনো কানষাৰ দিয়া নাই এই বিভাগটোৰ কৰ্মী সকলে। উল্লেখ্য যে প্ৰায় ৭০ লাখ টকা ব্যয় কৰি জল জীৱন মিছনৰ অধীনত আঁচনি খন পুনৰ মেৰামতি কৰা হৈছিল। পিছে এই পৰ্যন্ত এটুপী বিশুদ্ধ খোৱা পানী লাভ কৰা নাই গাঁও বাসীয়ে। সেয়ে অতি সোনকালে আঁচনি খন কাৰ্যক্ষম কৰি পানী যোগান সুচল কৰিবলৈ ৰাইজে আহ্বান জনাইছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
