
ধুবুৰী, ০৪ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱাকালি বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নাথপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেদি গৈ থকা এগৰাকী চাইকেল আৰোহীক ট্ৰাকে মহতিয়াই নিয়ে। ফলত চাইকেল আৰোহী জনৰ থিতাতে মৃত্যু হয়। মৃতলোক জনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।
প্ৰাপ্ত তথ্য়মতে, ডব্লিউবি ২৩ এফ ৪৯৭৩ নম্বৰ ট্ৰাক খনে এই দুৰ্ঘটনা সংঘটিত কৰে। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল ট্ৰাক খন। ৰাষ্ট্ৰীয় ঘাইপথত ঘন কুঁৱলী ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থালীত বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
