
ওদালগুৰি, ৩০ নৱেম্বৰ (হি.স.): ওদালগুৰি টংলাত প্ৰথমবাৰৰ বাবে বৰশীত মাছধৰা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ২ বজাত সামৰণি পৰিব এই প্ৰতিযোগিতা।
প্ৰথম পুৰস্কাৰ হিচাপে থাকিব নগদ চাঁৰি লাখ টকাৰ প্ৰাইজ মানি, দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা, আনহাতে তৃতীয় পুৰস্কাৰ নগদ ১ লাখ টকাৰ প্ৰাইজ মানি থাকিব। তাৰোপৰি ১০ হাজাৰকৈ প্ৰায় ৩০ গৰাকী প্ৰতিযোগীৰ বাবে থাকিব নিচুকনী পুৰস্কাৰ। প্ৰতিযোগিতাত যি গৰাকী খেলুৱৈয়ে আটাইতকৈ বেছি ওজনৰ মাছ ধৰিব তেওঁৱে হ’ব প্ৰথম বিজয়ী। আনহাতে প্ৰতিযোগিতাত ভাগ ল’বলৈ হ’লে প্ৰতিযোগীসকল আহিব লাগিব ওদালগুৰি জিলা টংলাৰ হাৰ্চাপাৰালৈ। লগতে দিব লাগিব প্ৰায় ২৫০০ টকাৰ যোগদান মাচুল। ইতিমধ্যে বৰশীত মাছধৰা প্ৰতিযোগিতাত ভাগ ল’বলৈ স্থানীয় প্ৰতিযোগি সকলৰ বাহিৰেও ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে চিলং অৰুণাচলৰ পৰাও খেলুৱৈ সকল আহি উপস্থিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
