পাটনা, ২০ আগষ্ট (হি.স.)। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিহাৰত ‘ভোটাৰ ৰাইটছ যাত্ৰা’ত নামি পৰিছে। বুধবাৰে যাত্ৰাৰ চতুৰ্থ দিনা তেওঁ শ্বেখপুৰাত উপস্থিত হয়, য’ত ৰাজহুৱা সমাৱেশত ভাষণ দিওঁতে কেন্দ্ৰীয় আৰু বিহাৰ চৰকাৰক লক্ষ্য কৰি লয়।
শ্বেখপুৰাত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে এদিন সত্যও ওলাই আহিব, য’ত গম পোৱা যাব যে বিহাৰৰ বিগত নিৰ্বাচনতো প্ৰতাৰণা কৰি জয়ী হৈছিল। নিৰ্বাচন আয়োগৰ ৰাইজে মনত ৰখা উচিত, আমাৰ চৰকাৰে নিশ্চিতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব।
শ্বেখপুৰা জিলাৰ বৰবিঘাত ৰাইজক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ দৰিদ্ৰ লোকৰ ভোটাধিকাৰ মাথোঁ বাকী আছে। এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে এইটোও কাঢ়ি নিবলৈ চেষ্টা কৰিছে। যদি আপোনাৰ ভোট হেৰাই যায়, তেন্তে পিছত ৰেচন কাৰ্ড, তাৰ পিছত মাটি আৰু তাৰ পিছত আপোনাৰ হাতত যি বাকী আছে, সকলো হেৰাই যাব।
ৰাহুল গান্ধীয়ে কয় যে নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰে মিলি ভোট চুৰিৰ কাম কৰি আছে। মহাৰাষ্ট্ৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰিছিল যদিও চাৰি মাহৰ পিছত বিধানসভাত নিৰ্বাচন আয়োগৰ সহায়ত বিজেপিয়ে ভোট চুৰি কৰি তালিকা বিপৰীতে ঘূৰাই দিলে। লোকসভা নিৰ্বাচনৰ পিছত বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত এক কোটি নতুন ভোটাৰ সংযোজন হয়।
ৰাহুল গান্ধীয়ে কয় যে বিহাৰত বিগত ২০ বছৰ ধৰি নীতিশ জীৰ চৰকাৰ ক্ষমতাত আছে। ইয়াতো যদি তদন্ত হয় তেন্তে দেখা যাব যে বিগত বিধানসভাত বিহাৰৰ নিৰ্বাচনতো ভোট চুৰি কৰি জয়ী হৈছে। এয়াই সত্য আৰু এই সত্যও ওলাই আহিব এদিন।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
