গোলাঘাট, ২৭ অক্টোবৰ (হি স)। বিগত এমাহ ধৰি সন্ধানহীন হৈ আছে মেৰাপানীৰ ২ নং গমাৰিৰ এজন ব্যক্তি। ঘৰৰ পৰা হঠাৎ বজাৰলৈ বুলি ওলাই যোৱা দুটি সন্তানৰ পিতৃ পবিত্ৰ দাস নামৰ লোকজন নিৰুদ্দেশ হৈ পৰিছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পবিত্ৰ দাসৰ নিৰুদ্দেশ হৈ পৰাৰ পাছতেই পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়।
ইফালে পত্নী শেৱালী দাসেও দুই সন্তানসহ নিজ স্বামীক আত্মীয় কুটুম্বৰ ঘৰে ঘৰে বিছাৰি চলাথ কৰাৰ পাছত কাষ চাপে মেৰাপানী আৰক্ষীৰ। কিন্তু বিগত এমাহৰ পাছতো আৰক্ষী অথবা পৰিয়ালৰ লোকে কোনো তথ্য নাপালে নিৰুদিষ্ট ব্যক্তিজন সন্দৰ্ভত। ফলত স্বামী, পুত্ৰৰ অবিহনে এসাজ ভাত অথবা ঋণৰ বোজা মাৰিব নোৱাৰি উদ্বিগ্ন হৈ পৰিছে পবিত্ৰ দাসৰ মাতৃৰ লগতে পত্নী গৰাকী। এইক্ষেত্ৰত তেওঁলোক পুত্ৰ, স্বামী য”তেই আছে শীঘ্ৰেই নিজ গৃহলৈ ঘুৰি অহাৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
