
কামৰূপ, ৩১ অক্টোবৰ (হি.স.): ভাৰতীয় বায়ু সেনা বাহিনীৰ এজন অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে বাহেৰে প্ৰস্তুত কৰি উলিয়াইছে মহৎ লোকৰ প্ৰতিচ্ছবি । বাইহাটা চাৰিআলিৰ সমীপবৰ্তী সাজেই গাঁৱৰ হৰেন্দ্ৰ নাথ চৌধুৰী নামৰ ভাৰতীয় বায়ু সেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নিজ হাতেৰে বাহেৰে তৈয়াৰ কৰিছে বহু মহৎ লোকৰ প্ৰতিচ্ছবিৰ লগতে অসমীয়া সমাজ জীৱনত ব্যৱহৃত বহু সামগ্ৰী ।
চৌধুৰীয়ে বাহৰ কাঠিৰে তৈয়াৰ কৰিছে জ্যোতি, বিষ্ণু, ভুপেন হাজৰিকা, গোপীনাথ বৰদলৈৰ লগতে মহাপুৰুষ জনাৰ প্ৰতিচ্ছবি । আনকি নিজৰ প্ৰতিচ্ছবি খনো তৈয়াৰ কৰিছে বাহৰ কাঠিৰে । লগতে অসমীয়া সমাজ জীৱনত প্ৰয়োজন হোৱা চেপা, পলো, ডলা- কুলা, জাকৈ-খালৈ আদিও হৰেন্দ্ৰ নাথ চৌধুৰীৰ হাতৰ পৰশত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
