গোলাঘাট, ১৪ নৱেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা নিশা এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। দেৰগাঁৱৰ এলআইচি কাৰ্যালয়ৰ তলৰ তিৰুপতি মাৰ্কেটত উক্ত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। মাৰ্কেট বন্ধ কৰাৰ কিছু সময়ৰ পিছতে ভিতৰৰ পৰা অবিৰত ভাৱে ধোঁৱা নিৰ্গত হোৱাত উক্ত পৰিস্থিতিৰ সৃষ্টি হয়।
মাৰ্কেটৰ ভিতৰত অগ্নিকাণ্ডৰ সন্দেহত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। মাৰ্কেটৰ চাটাৰ খুলি প্ৰৱেশ কৰাৰ পাছত ভিতৰত জুইৰ অৱস্থিতি পোৱা নগ’ল। মাৰ্কেটৰ ভিতৰত কোনো দোকানত শ্বৰ্ট চাৰ্কিটৰ ফলত ধোঁৱা ওলোৱাৰ সন্দেহ। বিদ্যুত কৰ্তন কৰি দিনৰ ভাগত মাৰ্কেটৰ প্ৰতিটো ৰূপ পৰ্যবেক্ষণ কৰাৰ পাছতহে পোহৰলৈ আহিব ধোঁৱা নিৰ্গত হোৱাৰ প্ৰকৃত কাৰণ। বহু সময় ধৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈ থাকে অঞ্চলটোত।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/ৰমেন/আলোক.
