
গোলাঘাট, ২৪ ডিচেম্বৰ (হি.স.): বাঘৰ আক্ৰমত যোৱাকালি মঙলবাৰে বিয়লি আহত হয় কলিয়াবৰ শাকমুঠিয়া চাহ বাগিছাৰ শ্ৰমিক । বাগিছাখনৰ শ্ৰমিক লক্ষীৰাম ওৰাঙে আন শ্ৰমিকৰ সৈতে ৩ নং চেকছনত কলম দিয়াৰ কাম কৰি থকাৰ সময়তে বাগিছাৰ চাহ গছৰ আৰত লুকাই থকা বাঘে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে ।
এই আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা শ্ৰমিকজন বৰ্তমান বাগিছাৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । শাকমুঠিয়া চাহ বাগিছাত দীৰ্ঘদিনৰ পৰা পশু ধন বাঘে ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰা বুলিও অভিযোগ শ্ৰমিক ৰাইজৰ । বন বিভাগে এইক্ষেত্ৰত বিহিত ব্যৱস্থা কৰাৰ দাবী তুলি আহিছে যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
