
হাইলাকান্দি। ২৪ ডিচেম্বৰ (হি.স.): বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ ঘটনাক লৈ সামাজিক মাধ্যমত ভিডিঅ’ বনাই পোষ্ট কৰি হাইলাকান্দিত যোৱা কালি মঙলবাৰে সন্ধিয়া গ্ৰেপ্তাৰ হয় এজন যুবক। ধৃত যুৱকজনৰ নাম ইজাজুৰ ৰহমান লস্কৰ বুলি জানিব পৰা গৈছে । ধৃত ইজাজুৰ ৰহমানৰ ঘৰ শ্ৰীভুমি জিলাৰ গামাৰিয়া গাঁৱত।
বাংলাদেশৰ দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক ৰাজুহুৱা স্থানত বহু লোকে মাৰধৰ কৰি গছত ওলোমাই জ্বলাই দিছিল আৰু এই ঘটনাৰ পিছত সমগ্ৰ ভাৰতৰ লগতে বৰাকত বাংলাদেশৰ বিৰুদ্ধে আন্দোলন দেখিবলৈ পোৱা গৈছে। ঠিক তেনে সময়ত এই যুৱকজনৰ পোষ্টলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বৰাক উপ্যতকাত। হাইলাকান্দি সদৰ আৰক্ষী চকীত ১৮৬/২৫ গোচৰ নম্বৰৰ ভিত্তিত হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱক জনক। যুৱকজনৰ পৰা তেওঁৰ মোবাইল ফোনটোও জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সোধপোছ কৰি বৰ্তমানে আদালতলৈ প্ৰেৰণ কৰিছে যুৱক জনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
