বঙাইগাঁও, ০১ জুলাই (হি.স.): বঙাইগাঁৱত বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে । ঘটনাস্থলীত যোৱাকালি সোমবাৰে সন্ধিয়া উপস্থিত হয় আৰক্ষী অধীক্ষককে ধৰি আন কেবাজন আৰক্ষী বিষয়া। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি তিনিটা পৰিয়ালত সংঘটিত কৰে চুৰিকাণ্ড।
বৰ্ষণগাঁৱৰ অজিত দাস, বেনী মাধৱ সিংহ আৰু সতীশ শৰ্মা নামৰ লোককেইজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। চুৰিৰ ঘটনাৰ সময়ত তিনিওটা পৰিয়ালৰ সদস্যসকল বাহিৰত আছিল। অজিত দাসৰ গৃহৰ পৰা প্ৰায় সাত লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চুৰি হয়। বেনীমাধৱ সিংহ সাধাৰণ পৰিয়ালৰ সাচি ৰখা সোণ আৰু কিছু নগদ টকা লৈ যায়। আনহাতে সতীশ শৰ্মাৰ গৃহৰ পৰা সোণৰ অলংকাৰসহ কিছু ধন লৈ যায় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
