কোকৰাঝাৰ, ১১ আগষ্ট (হি.স.): বিটিছি নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দল সমূহ । এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই শাসকীয় ইউপিপিএল দল । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কোদালধোৱাত যোৱাকালি দেওবাৰে সন্ধিয়া ইউপিপিএল দলৰ এখন সভা অনুষ্ঠিত হয়।
উক্ত সভাতে ইউপিপিএল দলৰ কেন্দ্ৰীয় উপ সভাপতি আফজাল হক সৰকাৰ, বিধায়ক লৰেঞ্চ ইছলাৰী, কোকৰাঝাৰ জিলা সম্পাদক মতিউৰ ৰহমানৰ, ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি ৰবি চৰণ দৈমাৰী, সাধাৰণ সম্পাদক (প্ৰশাসনিক) হজৰত আলী তালুকদাৰ, সাধাৰণ সম্পাদক (সাংগঠনিক)কমল বৰ্মন আদিকে ধৰি বিভিন্ন নেতা সকল উপস্থিত থাকে। ইয়াৰে কোদালধোৱাত অনুষ্ঠিত সভাত অৰ্ধ শতাধিক লোক বিভিন্ন দলৰ পৰা ইউপিপিএল দলত যোগদান কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
