কোকৰাঝাৰ, ০৮ ছেপ্টেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক । আনহাতে গুৰুতৰ ভাবে আহত হয় তিনিজন লোক। মণিপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে।
দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ ডব্লিউ বি ৭৪ এএফ ৭২২৭ বুলি জনা গৈছে।
ইতিমধ্যে ঘটনা স্থলীত বগৰিবাৰী আৰক্ষী উপস্থিত হৈ সংকট জনক অৱস্থাত তিনিজনক ধুবুৰী মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত লোক জনক কোকৰাঝাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইতিমধ্যে দুৰ্ঘটনাত পতিত হোৱা কোনো এজন লোকৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
