কোকৰাঝাৰ, ০৯ ডিছেম্বৰ (হি.স.): ঝাৰখণ্ডৰ কংগ্ৰেছৰ সাংসদ ধীৰাজ চাও বাসগৃহত তিনিশ কোটি টকা উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ বিজেপি কৰ্মী সদস্যৰ মাজতো আলোড়নৰ সৃষ্টি হৈছে ৷ কোকৰাঝাৰ জিলা বিজেপি কাৰ্যালয়ৰ সম্মুখত আজি বিজেপি কৰ্মী সদস্যই হাতে হাতে ফেষ্টুন প্লেকাৰ্ড লৈ কংগ্ৰেছ মুৰ্দাবাদ, ছোনীয়া গান্ধী হায় হায়, ৰাহুল গান্ধী মুৰ্দাবাদ, ভ্ৰষ্টাচাৰী কংগ্ৰেছ মুৰ্দাবাদ, দুখীয়াৰ ধন আত্মসাৎ কৰা নচলিব ইত্যাতি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিটিচিৰ পাৰিষদ তথা কোকৰাঝাৰ জিলা বিজেপিৰ উপসভাপতি সজল সিংহ, বিটিচিৰ পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিজেপিৰ জিলা সাধাৰণ সম্পাদক অনিৰ্বান দাস আৰ বিজেপিৰ জ্য়েষ্ঠ নেতা সন্তোষ তৰফদাকৰে ধৰি কেইবাগৰাকী বিজেপি নেতা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
