
দৰং, ২৪ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে দৰং জিলাৰ খাৰুপেটীয়াত বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে বন্ধ পালন কৰে । জাতি ধৰ্ম নিৰ্বিশেষে ওলাই আহিল এই হত্যাকাণ্ডৰ প্ৰতিবাদত ।
বাংলাদেশী গ বেগ, বাংলাদেশত হিন্দু হত্যা বন্ধ কৰক, বাংলাদেশ এছিয়াৰ, ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক বিশ্ব হিন্দু পৰিষদৰ সমৰ্থিত লোকে। দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু লোকক নিৰ্মমভাৱে বাংলাদেশৰ উগ্ৰ বাংলাদেশী লোকে জীৱন্তভাৱে জ্বলাই দিয়া কাণ্ডৰ বিৰুদ্ধে খাৰুপেটীয়াত মঙলবাৰে সন্ধিয়ালৈ চলিল প্ৰতিবাদী সমদল । কালি আবেলি ২ বজাৰ খাৰুপেটীয়া পৌৰসভাৰ এলেকা দীন সকলো দোকান পোহাৰ বন্ধ ৰাখি হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বাংলাদেশৰ বৰ্তমান উপদেষ্টা শান্তি বঁটা বিজয়ী ড০ ইউনুছ আলীৰ শান্তি বঁটা ঘুৰাই নিয়াৰ দাবী কৰে । প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন বিধায়ক গুৰু জ্যোতি দাসেও অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
