নতুন দিল্লী, ০৬ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আজি পুৱা মহাপৰিনিৰ্বান দিৱসত সংবিধানৰ সৃষ্টিকৰ্তা তথা ভাৰতৰত্ন বাবা চাহেব ড° ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিয়ে অফিচিয়েল এক্স হেণ্ডেলত বাবা চাহেবক সোঁৱৰণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পূজ্য বাবা চাহেব ভাৰতীয় সংবিধানৰ স্থপতি হোৱাৰ লগতে সামাজিক সম্প্ৰীতিৰ অমৰ চেম্পিয়ন আছিল। শোষিত আৰু বঞ্চিতসকলৰ কল্যাণৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মহাপৰিনিৰ্বাণ দিৱসত তেখেতলৈ মোৰ শ্ৰদ্ধাঞ্জলি। বিজেপিয়েও বাবা চাহেবক স্মৰণ কৰি কয় – ‘সংবিধানৰ সৃষ্টিকৰ্তা আৰু ভাৰতৰত্ন বাবা চাহেব ড° ভীমৰাও আম্বেদকাৰক মহাপৰিনিৰ্বাণ দিৱসত আমি শ্ৰদ্ধাঞ্জলি জনাইছো।’
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
