শোণিতপুৰ, ০২ ডিছেম্বৰ (হি স)। তেজপুৰৰ লালমাটি আৰক্ষী চকী অন্তৰ্গত হজৰাপাৰৰ এটা বাসগৃহত আৰক্ষীয়ে চলোৱা এক অভিযানত যোৱানিশা তিনিগৰাকী মহিলা কৰায়ত্ত কৰাৰ লগতে তিনিটা ড্ৰাগছ ভৰ্ত্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিন ধৰি এই ঘৰটোত সন্দেহজনক কাম কাজ চলি আহিছিল বুলি অভিযোগ উঠি আহিছিল ৷
উল্লেখযোগ্য যে,যোৱা নিশা আৰক্ষীয়ে অভিযান চলোৱাৰ সমযত ইয়াত নগাঁৱৰ দুই মহিলাও আছিল ৷ ভাড়ালৈ লৈ অসামাজিক কাৰ্যকলাপ চলি থকা এই ঘৰটোত দেহ ব্যৱসায় চলি থকা বুলিও অভিযোগ উঠি আহিছিল৷ প্ৰণিধানযোগ্য যে,কিছুদিন পূৰ্বে ইয়াতে ঢেকিয়াজুলিৰ এজন যুৱকে ফেইচবুক লাইভ কৰিবলৈ অহাৰ সময়ত যুৱকজনক আৰক্ষীয়ে কৰায়ত্ত কৰিছিল৷ সন্দেহজনক গতিবিধি চলি থকা ঘৰটোলৈ গভীৰ নিশালৈকে বহু অচিনাকী লোকৰ আগমন ঘটে বুলি স্থানীয় একাংশ লোকে প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে ভাড়াঘৰটোৰ গৰাকী এগৰাকী মহিলা সহ আন দুগৰাকী মহিলাক কৰায়ত্ত কৰাৰ লগতে ইয়াত ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
