
গোলাঘাট, ১৮ আগষ্ট (হি.স.): সৰুপথাৰৰ উৰিয়ামঘাটলৈ আহিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা । অহা ২৭ আগষ্ট তাৰিখে উৰিয়ামঘাটৰ সোণাৰীবিল অঞ্চলত গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে । বৰ্তমানেও অব্যাহত আছে উচ্ছেদ অভিযান । যাৰ বাবে ৰেংমা সংৰক্ষিত বনাঞ্চলত শশ বিঘা তামোলৰ বাৰী কাটি পেলাইছে বন বিভাগে ।
আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে বন বিভাগে ব্যাপক প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে । আনহাতে ৰেংমা সংৰক্ষিত বনাঞ্চলত ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পয্যায়ৰ উচ্ছেদ অভিযান । সংৰক্ষিত বনাঞ্চল খনৰ হাতীডুবি, ৰানানগৰ, হালধিবাৰী, দুৰ্গাপুৰ আৰু ১ নং মধুপুৰত হ’ব উচ্ছেদ অভিযান ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
