লক্ষীমপুৰ, ১৬ ডিচেম্বৰ (হি.স.): ৰাজ্যৰ জলসম্পদ বিভাগৰ এক অবিচক কাণ্ডৰ ফলত বালি চৰলৈ পৰিণত হ’ল লক্ষীমপুৰৰ কুৰিখনৰো অধিক গাঁও ৷ জিলাখনৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খৰস্ৰোতা চেঁচা নৈপৰীয়া এইসমূহ গাঁও এতিয়া বালিচৰলৈ ৰূপান্তৰ হ’ল ৷ দুবছৰ পূৰ্ৱে সুজলা সুফলা, শস্য শ্যামলা গাঁওসমূহ চেঁচা নৈৰ বিধ্বংসী বানে বিধ্বস্ত কৰি তুলিছে ৷
উল্লেখ্য যে উত্তৰ-দক্ষিণ মুৱা চেঁচা নৈ পশ্চিম পাৰে গহপুৰ সমষ্টিত জলসম্পদ বিভাগে আধুনিক পদ্ধতিৰ এটা মঠাউৰি নিৰ্মাণ কৰাৰ পাছত পূৱ পাৰে বিহপুৰীয়া সমষ্টিত বিভাগটোৱে নিৰ্মাণ নকৰিলে কোনো মঠাউৰি ৷ যাৰবাবে উন্মুক্ত অংশৰে সোমাই অহা প্ৰবল বানে বৃহত্তৰ চেঁচা, ফুটাভোগ, ৰঙাজান, খলিহামাৰী আদি গাঁৱৰ কৃষি ভূমি, বাৰী ঘৰ বালিৰে পুতি সম্পূৰ্ণ বালিচৰলৈ পৰিণত কৰিলে ৷ ইয়াৰ ফলত এশ শতাংশ কৃষিজীৱি কেবা সহস্ৰাধিক পৰিয়ালৰ সম্প্ৰতি নাজলনাথল অৱস্থা হৈ পৰিছে ৷ ঘৰ বাৰী পথ সকলো বালি পলসে একাকাৰ কৰাৰ পাছত কোনো মতে প্ৰাণ লৈ জীয়াই আছে হাজাৰ হাজাৰ বন্যাৰ্ত ৷ জলসম্পদ বিভাগৰ এই অবিবেচক কাণ্ডৰ পৰিণতিত পণবন্দী হৈ পৰিছে সাধাৰণ জনতা ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
