
কোকৰাঝাৰ, ২৪ অক্টোবৰ (হি.স.): শাৰদীয় দুৰ্গোৎসৱৰ যোৱাকালি সোমবাৰে মহা নৱমী পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্ততত পালন কৰা হৈছে শাৰদীয় দূৰ্গা পুজা । ব্যাতিক্রম নহয় ফকিৰাগ্রামৰ ৰেলৱে স্কুলৰ খেলপথাৰত আয়োজিতো আদি সার্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিও।
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রামৰ বিভিন্ন প্ৰান্ততৰ লগতে ফকিৰাগ্রামৰ ৰেলৱে স্কুলৰ খেলপথাৰত অতি পুৰণি পুজা আদি সার্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিতো দেখা পোৱা গল পুজা অৰ্চনা। সন্ধিয়া ভক্ত প্ৰাণ ৰাইজৰ ব্য়াপক ভীৰ পৰিলক্ষিত হয়। মা দূৰ্গাই যাতে, সকলোৰে মাজত শান্তি সমৃদ্ধি আৰু সুন্দৰ বাৰ্তা কঢ়িয়াই আনে তাৰে কামনা কৰিছে ভক্ত প্ৰাণ ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
