শিৱসাগৰ, ১২ জুলাই (হি.স.)। নাজিৰাৰ মেছাগড়ৰ আমকটীয়া চুকৰ কৃষি পথাৰত অ’এনজিচিৰ পাইপ ফুটি বিষাক্ত খাৰুৱা তেল নিৰ্গত৷ স্থানীয় ৰাইজলৈ ভাবুকি৷ বিষাক্ত খাৰুৱা তেলে অনিষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি৷ নাজিৰাৰ মেছাগড়ৰ আমকটীয়া চুকৰ কৃষিপথাৰত অ’এনজিচিৰ হেমাহিৰ বাবেই বিগত প্ৰায় এমাহ ধৰি অ’এনজিচিৰ পাইপ ফুটি প্ৰায় ১০০০বিঘা কৃষিভূমিত নিৰ্গত হৈছে বিষাক্ত খাৰুৱা তেল৷
যদিও অ’এনজিচিয়ে এই পাইপৰ মেৰামতি কৰিছে কিন্তু বিষাক্ত খাৰুৱা তেল নিৰ্গত হৈ অনিষ্ট হৈ পৰিছে হাজাৰ বিঘা কৃষিভূমি,চিন্তিত হৈ পৰিছে চহা কৃষিজীৱী ৰাইজ৷ কিয়নো বৰ্তমান খেতিৰ সময়৷ অঞ্চলটোৰ ৰাইজৰ মতে অ’এনজিচিয়ে কোনোধৰণৰ ক্ষতিপূৰণ দিয়া নাই ভুক্তভোগী ৰাইজক৷
নাজিৰাৰ আমকটীয়া চুকৰ কৃষিপথাৰ অনিষ্ট হোৱাৰ উপৰিও পশুধন অচিন ৰোগত পৰাৰ লগতে হাঁহ কুকুৰা আদিও মৃত্যু হৈছে৷ ইয়াৰ উপৰিও গাঁও খনৰ স্থানীয় ৰাইজৰ চৰ্মৰোগ হোৱাৰ লগতে চাৰিওফালে বিষাক্ত খাৰুৱা তেলৰ গোন্ধ বিৰাজ কৰিছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
