
নলবাৰী, ২৪ ডিচেম্বৰ (হি.স.)। বৰদিনৰ পুৰ্বে নলবাৰীত অঘটন সংঘটিত হৈছে। বৰদিনৰ সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ অভিযান চলিছে। বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকানত আক্ৰমণ চলায়। নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ এটা গোটে সংঘটিত কৰে এই ঘটনা।
উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ সজাতি দলে বৰদিন উপলক্ষে বিক্ৰী কৰিবলৈ মজুত ৰখা দোকানৰ বহু সামগ্ৰী জুই লগাই দিয়ে ৷ জিলা খনৰ শ্বপিং মল বিশাল ,স্মাৰ্ট পইন্ট, ভি মাৰ্ট উপহাৰ আদি কৰি কেইবাখনো ব্যবসায় স্থলীত বিক্ৰী কৰি থকা বৰদিনৰ সামগ্ৰী সমূহ জুই লগাই দিয়ে ৷ উল্লেখ্য যে তিনিদিন পুৰ্বে নলবাৰী সদৰত ব্যবসায়ী সকলক বৰদিনৰ কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বুলি সকিয়নী প্ৰদান কৰিছিল বজৰংগ দলে৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
