
ধুবুৰী, ২২ ডিচেম্বৰ (হি.স.): ধুবুৰীৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে ক্ষেত্ৰত তিনিদিনীাকৈ ২৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এবিভিপিৰ ৰাজ্যিক অধিবেশন। অহা ২৪,২৫, আৰু ২৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই অধিৱেশন। ধুবুৰীৰ জিলা পুথি ভঁৰাল প্ৰাংগনত যোৱা কালি দেওবাৰে বিয়লি এখনি সংবাদ মেল অনুষ্ঠিত কৰি ধুবুৰী জিলা এবিভিপিৰ বিষয়ববীয়া সকলে এই কথা জানিবলৈ দিয়ে।
উল্লেখ্য যে এই অনুষ্ঠানত ৩ ৰ পৰা ৪ হাজাৰ এবিভিপি কাৰ্য্যকৰ্তাই আগভাগ লোৱাৰ সম্ভাৱনা আছে। ই ৰাজ্যিক অধিবেশনত অনুষ্ঠান অনুষ্ঠিত হোৱ ঠাই খন পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ নামত নামকৰণ কৰা হ’ব। অনুষ্ঠানৰ সভা কক্ষৰ নাম ড০ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰা হ’ব আৰু বিভিন্ন জাতি জনজাতিৰ সমন্বয়ত অনুষ্ঠিত হ’বলগীয়া শোভাযাত্ৰা গুৰু টেগ বাহাদুৰৰ নামত উৎসৰ্গা কৰা হ’ব বুলি সংবাদমেলত জানিব দিয়ে এবিভিপিৰ এই অধিৱেশন ৰ সভাপতি প্ৰতুল চন্দ্ৰ চক্ৰৱৰ্তীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
