নতুন দিল্লী, ২২ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে এমএনৰেগা বিলুপ্ত কৰি ভিবি-জি ৰাম জী আঁচনি প্ৰৱৰ্তন কৰি দৰিদ্ৰ শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে এয়া কেৱল আঁচনিৰ পৰিৱৰ্তন নহয়, সংবিধানে নিশ্চিত কৰা কৰ্মৰ অধিকাৰ নাইকিয়া কৰাৰ ষড়যন্ত্ৰ।
বাতৰি কাকতৰ প্ৰবন্ধত ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছে যে সংসদত আলোচনা, ৰাজ্যসমূহৰ সৈতে আলোচনা আৰু ফেডাৰেল গাঁথনিৰ প্ৰতি সন্মান অবিহনে এমএনৰেগাৰ মৌলিক মনোভাৱ ধ্বংস হৈ গৈছে, যাৰ ফলত সুদূৰপ্ৰসাৰী আৰু বিধ্বংসী আৰ্থ-সামাজিক পৰিণতিৰ সৃষ্টি হৈছে। :ছোনিয়াই লিখিছে যে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন ২০০৫ তেতিয়াৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ প্ৰথম কাৰ্যকালত সংবিধানৰ ৪১ নং দফাৰ পৰা অনুপ্ৰাণিত হৈ কাৰ্যকৰী হৈছিল।তেওঁ কয় যে ই বিশ্বৰ আটাইতকৈ ডাঙৰ সামাজিক সুৰক্ষাৰ পদক্ষেপ, যিয়ে গ্ৰাম্য দৰিদ্ৰসকলক কামৰ আইনগত নিশ্চয়তা প্ৰদান কৰে। নতুন ব্যৱস্থাৰ জৰিয়তে বৰ্তমানৰ চৰকাৰে আইনী নিশ্চয়তা, চাহিদাভিত্তিক কাম, বছৰজুৰি কৰ্মসংস্থাপন আৰু গ্ৰাম সভাৰ কেন্দ্ৰীয় ভূমিকা আদি আঁতৰাই পেলাইছে। নতুন আঁচনিখনে নিয়োগৰ দিনৰ বাজেট সীমা আৰোপ কৰি ৰাজ্যসমূহৰ কৰ্মদিনৰ সংখ্যা কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ ওপৰত নিৰ্ভৰশীল কৰি তোলা বুলিও কয় ছোনিয়া গান্ধীয়ে।
ইয়াক কেন্দ্ৰীকৰণৰ চৰম পৰ্যায় আখ্যা দি ছোনিয়া গান্ধীয়ে কয় যে ৭৩ সংখ্যক সাংবিধানিক সংশোধনীৰ অধীনত গ্ৰামসভাক প্ৰদান কৰা ক্ষমতা কাঢ়ি লোৱা হৈছে আৰু তাৰ ঠাইত প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ অধীনত ওপৰৰ পৰা জাপি দিয়া কাঠামোৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে নিয়োগ ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰাৰ দাবীক বিভ্ৰান্তিকৰ আখ্যা দিয়ে আৰু বাস্তৱত কৰ্মসংস্থাপনৰ সুযোগ কমি যাব বুলি ব্যক্ত কৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত এমএনৰেগা দৰিদ্ৰ লোকৰ বাবে জীৱনৰেখা হিচাপে প্ৰমাণিত হ’ল বুলিও কয় ছোনিয়া গান্ধীয়ে। মনৰেগাক নিৰ্মূল কৰিলে ভাৰতৰ গ্ৰাম্য অঞ্চলত এক ভয়াৱহ সামাজিক সংকটৰ সৃষ্টি হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
