শিৱসাগৰ, ১২ নৱেম্বৰ (হি.স.): পথাৰত শালি ধানৰ খেতি পক ধৰাৰ সময়ত আঘোণ মাহ সোমোৱাৰ পূৰ্বে ব্যস্ততা বাঢ়িছে দাৱনী সকলৰ। সোণগুটি চপোৱাত ব্যস্ত এইসকল দাৱনী। উজনি অসমৰ শিৱসাগৰ জিলাৰ হাঁহচৰা মৰাণ গাওঁ খনৰ পথাৰত দেখিবলৈ পোৱা গৈছে দাৱনীসকলৰ সোণগুটি চপোৱাৰ নান্দনিক দৃশ্য । বৰ্তমান যেন ব্যস্ততা বাঢ়িছে এইসকল লোকৰ।
আগতীয়াকৈ পকা ধাননি দৰাত গীত গাই চপাইছে সোণগুটি। লগতে আলোচনা কৰিছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত। জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় বিচাৰে এইসকল দাৱনীয়ে। লগতে মায়াবিনী গীত পৰিৱেশন কৰি প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে এইসকল দাৱনীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
