
গোলাঘাট, ২৬ আগষ্ট (হি.স.)। দেৰগাঁৱত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টা। দেৰগাঁৱৰ চকিয়ালত গৰুৰ কটা মুণ্ড ওলোৱা ঘটনাৰ চাঞ্চল্য অব্যাহত।
ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে। সোধাপোছাৰ বাবে ৫ জনক আটক কৰিছে আৰক্ষীয়ে। যিটো পৰিয়ালৰ ঘৰৰ চোতালত গৰুৰ কটা মুণ্ড উদ্ধাৰ হৈছিল তাৰ সমীপতে আছে ধুবুৰীৰ কহিনুৰ ইছলাম নামৰ এজন ব্যক্তিৰ এটা ষ্টীল ফেক্টৰী।
ঘটনাৰ সন্দৰ্ভত জড়িত থকা এই ষ্টীল ফেক্টৰীৰ স্বতাধিকাৰীকে ধৰি ৫ জনক সোধাপোছাৰ বাবে আটক কৰিছে দেৰগাঁও আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ গোলাঘাট জিলাৰ বীৰ লাচিত সেনাৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar
