নতুন দিল্লী, ২৬ আগষ্ট (হি.স.)। সদ্য সমাপ্ত সংসদৰ বৰ্ষাকালিন অধিৱেশনত পাৰমাণৱিক শক্তিৰ প্ৰসাৰৰ বাবে কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া পোষ্টটোত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ চনৰ বাজেটত পাৰমাণৱিক শক্তি সম্পৰ্কে ডাঙৰ প্ৰতিশ্ৰুতি দিছিল যদিও সংসদৰ অধিৱেশনত সেইবোৰৰ সৈতে জড়িত এখনো বিধেয়ক উত্থাপন হোৱা নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত অনা চিভিল লাইবেলিটি ফৰ নিউক্লিয়াৰ ডেমেজ এক্ট, ২০১০ৰ সংশোধনীৰ ক্ষেত্ৰতো তেওঁ আপত্তি কৰে।
জয়ৰাম ৰমেশে কয় যে বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে দুটা বৃহৎ সংস্কাৰৰ কথা ঘোষণা কৰিছিল। প্ৰথমতে, ২০১০ চনৰ পাৰমাণৱিক ক্ষতিৰ বাবে নাগৰিক দায়বদ্ধতা আইন সংশোধন আৰু দ্বিতীয়তে, ব্যক্তিগত কোম্পানীসমূহে পাৰমাণৱিক উদ্যোগ স্থাপন আৰু পৰিচালনাৰ অনুমতি দিবলৈ পাৰমাণৱিক শক্তি আইন সংশোধন। তিনি মাহৰ পাছত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অধিৱেশনত চৰকাৰে এই বিধেয়কসমূহ উত্থাপন কৰিব নে শ্বেলফতো ৰখা হ’ব বুলিও তেওঁ কয়৷ স্বতন্ত্ৰ নিয়ন্ত্ৰণ সংস্থা গঠনৰ সৈতে জড়িত প্ৰস্তাৱিত বিধেয়কখনৰ কি হ’ল বুলিও তেওঁ কয়। যিটো সংস্থা পাৰমাণৱিক শক্তি প্ৰতিষ্ঠানৰ অংশ নহয় আৰু যিয়ে নিয়ন্ত্ৰণৰ স্বচ্ছতা আৰু ন্যায্যতা নিশ্চিত কৰিব পাৰে।
তেওঁ কয় যে যদি চৰকাৰে সঁচাকৈয়ে ব্যক্তিগত বিনিয়োগক প্ৰসাৰিত কৰিব বিচাৰে তেন্তে এই আইনগত পদক্ষেপক অগ্ৰাধিকাৰ দিয়া উচিত। অৰুণ জেটলী আৰু সুষমা স্বৰাজে তেতিয়াৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ সহযোগত নাগৰিক দায়বদ্ধতা আইন, ২০১০ চূড়ান্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰস্তাৱিত সংশোধনীটোৱে সেই কৃতিত্বসমূহ দুৰ্বল কৰাৰ দৰেই হ’ব।
উল্লেখযোগ্য যে পাৰমাণৱিক ক্ষতিৰ বাবে নিৰ্মিত নাগৰিক দায়বদ্ধতা আইন ২০১০ ভাৰতত সংঘটিত পাৰমাণৱিক দুৰ্ঘটনাৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ আৰু দায়বদ্ধতাৰ বাবে কৰা হৈছিল। এই আইনখন অতি কঠোৰ আৰু ন’-ফল্ট দায়বদ্ধতা নীতিৰ ওপৰত ভিত্তি কৰি গঠিত। এই আইন অনুসৰি কোনো দুৰ্ঘটনা সংঘটিত হ’লে অপাৰেটৰে (যেনে এনপিচিআইএল) দোষ প্ৰমাণ নকৰাকৈয়ে সৰ্বোচ্চ ১৫০০ কোটি টকা পৰ্যন্ত ক্ষতিপূৰণ দিব লাগিব। যদি ক্ষতি বেছি হয় তেন্তে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় পুঁজিয়ে সহায় কৰে। ত্ৰুটিপূৰ্ণ সঁজুলিৰ বাবেও যোগানকাৰী দায়ী হ’ব পাৰে। এই আইনখন ভুক্তভোগীক ক্ষিপ্ৰ ক্ষতিপূৰণ প্ৰদান, পাৰমাণৱিক শক্তিৰ প্ৰসাৰ আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি চলাৰ বাবে প্ৰণয়ন কৰা হৈছে।
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:14pt;}.cf1{font-family:Consolas;font-size:14pt;}
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
