
কামৰূপ, ০৮ ছেপ্টেম্বৰ (হি.স.)।গোৱালপাৰাত ১০ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া কনকলতা বৰুৱা মহিলা আন্তজিলা ক্ৰিকেট ট্ৰফীৰ বাবে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ দলটো ঘোষণা কৰা হৈছে ।
খেলুৱৈ সকল হৈছে ক্ৰমে -ভনিতা ৰাজবংশী (অধিনায়ক), কংকনা বৈশ্য (উপ অধিনায়ক), জয়শ্ৰী শৰ্মা, পাহি দাস, ধ্ৰুৱঙ্গনা কাশ্যপ বড়ো, মুচকান মণ্ডল, পৃথিক্ষা ৰয়, কৃষ্টিনা কলিতা, ব্ৰন্যা বৰুৱা তায়ে, মনিকা দাস
কেয়া ডে, বিনতা দাস, চন্দ্ৰাণী মহন্ত, চুহানী সাহা আৰু নিকিতা সৰকাৰ ।
প্ৰশিক্ষক হিচাপে দ্বীপ বড়ো আৰু টিম
মেনেজাৰ হিচাপে দীপিকা ৰাভাক দায়িত্ব দিয়া হৈছে । উল্লেখযোগ্য যে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুশীলন কৰি আছে দলটোৱে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
