কামৰূপ, ৩১ ডিচেম্বৰ (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে দদৰা আৰক্ষীয়ে সফল অভিযান চলায়। এই অভিযানত দুজনক আটক কৰাৰ লগতে জব্দ কৰে প্ৰায় দুই লক্ষাধিক মুল্যৰ হেৰোইন । জব্দকৃত ড্ৰাগছ খিনিৰ ওজন প্ৰায় ২০ গ্ৰাম। গোপন সূত্ৰৰ পম খেদি কৌশলেৰে আটক কৰে ঘটনাৰ সৈতে জড়িত দুজন ড্ৰাগছ ব্যৱসায়ীক।
দদৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গাড়ীগাঁৱৰ যুৱক চুলতান আহমেদ আৰু আজ্ঞাথুৰিৰ দিলনুৰ আলী বুলি পৰিচয় পোৱা গৈছে । জানিব পৰা মতে এএছ ০১ ইডব্লিউ ২৯১৩ নম্বৰৰ পালচাৰ বাইকেৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল চুলতানে। এই খবৰ পাই যোৱা কালি মঙ্গলবাৰে আবেলিৰ পৰাই সস্তম হৈ আছিল দাদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিষ্ণু জানেক্য গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
