নতুন দিল্লী, ৩১ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে সমাজসেৱা আৰু দানশীল মানসিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে কল্যাণকাৰী চিন্তাৰ জৰিয়তেহে আমি সমাজক প্ৰকৃততে উপকৃত কৰিব পাৰো। মহাভাৰতৰ এটা প্ৰাচীন শ্লোক উদ্ধৃতি দি তেওঁ দেশবাসীক অনুপ্ৰাণিত কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ পোষ্টত লিখিছে, কল্যাণকাৰী চিন্তাৰ জৰিয়তেহে আমি সমাজক প্ৰকৃততে উপকৃত কৰিব পাৰিম। তেওঁ সংস্কৃতৰ এটা পদ্যও উদ্ধৃত কৰিছিল:
যথা যথা হী পুৰুষঃ কল্যানে কুৰুতে মন।
তথা তথা’স্য সৰ্বৰ্থা সিদ্ধান্তে নাত্ৰ সংশয়। অৰ্থাৎ এজন ব্যক্তিয়ে কল্যাণমূলক কাম-কাজত মনটো নিয়োজিত হোৱাৰ লগে লগে তেওঁৰ সকলো কৰ্ম আৰু উদ্দেশ্য সফল হোৱাত কোনো সন্দেহ নাই। এই পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয় যে ইতিবাচক আৰু সামাজিকভাৱে উপকাৰী চিন্তাধাৰাই কেৱল ব্যক্তিগত সফলতাই নহয়, সমগ্ৰ সমাজখনকো শক্তিশালী কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
