মানকাচৰ, ১৪ জুলাই (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাত আৰক্ষীৰ বৃহৎ সফলতা। আজি ৰাতিপুৱা ৬ বজাত মানকাচৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে সোনাপুৰত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় ।
গুৱাহাটীৰ পৰা মানকাচৰ অভিমূখে আহি থকা এখন নৈশ বাছত অভিযান চলাই ৫০ হেজাৰ য়াবা টেবলেট জব্দ কৰে।আৰ্শীবাদ নামৰ নৈশ বাছ খনত এই বৃহৎ পৰিমাণৰ নিচাজাতীয় ইয়াবা টেবলেট সৰবৰাহ হৈ আছিল বুলি এক বিশেষ সূত্ৰত খবৰ লাভ কৰে মানকাচৰ আৰক্ষীয়ে।নৈশ বাছ খনৰ নম্বৰ এ এছ ০১ টি চি ০৩৭৫ বৃহৎ পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেটৰ লগতে আশিক বাবু নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰে আৰক্ষীয়ে।আশিক বাবুৰ ঘৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুচনিমাৰা বুলি জানিব পৰা গৈছে। সহকাৰী আয়ুক্ত পাপু গগৈৰ উপস্থিতিত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপক বৰগয়াৰীয়ে ইয়াবা টেবলেট জব্দ কৰি আছে। উল্লেখিত ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত দক্ষিণ শালমাৰাৰ আৰক্ষী অধীক্ষক হৰেন টকবীৰে এক সংবাদমেল যোগ এই কথা সদৰী কৰ। ে
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
