
নগাঁও, ৩১ ডিচেম্বৰ (হি.স.): সমাগত ৰঙালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে ৰহাৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি আৰম্ভ হোৱাৰ সমান্তৰালকৈ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা সংগঠন নগাঁও জিলা সমিতিৰ উদ্যোগত মংগলবাৰ বিয়লি ৰঙালী বিহু উপলক্ষে পিঠা, লাৰু, সান্দহ বিক্ৰী কেন্দ্ৰ এটি উদ্বোধন কৰা হয়।
ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত জাতীয় মহিলা সংগঠনৰ মহিলা সকলে নিজ হাতে ৰঙালী বিহু উপলক্ষে তৈয়াৰ কৰা পিঠা, লাৰু, সান্দহ সহ বিভিন্ন সামগ্ৰী ইয়াত উপলদ্ধ কৰা হৈছে। বিক্ৰী কেন্দ্ৰটি ৰহা সমজিলা আয়ুক্ত ড° অংকীতা বৰাই উদ্বোধন কৰি মহিলা সকলৰ পদক্ষেপ ৰ প্ৰশংসা কৰে।
এই উপলক্ষে ৰহা সমজিলাৰ সহকাৰী সমজিলা আয়ুক্ত জেবিন গোলনাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাঁও জিলা ৰহা আঞ্চলিক আৰু ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ বিষয় ববীয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
