ডেৰাডুন, ০৬ আগষ্ট (হি.স.)। উত্তৰকাশী জিলাৰ ধৰালীৰ খীৰগড়ত মঙলবাৰে ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ পিছত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। অতিৰিক্ত সচিব আনন্দ স্বৰূপে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ পৰা জিলা দণ্ডাধীশ উত্তৰকাশীলৈ দুৰ্যোগ সাহায্য আৰু উদ্ধাৰ কামৰ বাবে ২০ কোটি টকাৰ ধনৰাশি মুকলি কৰি দিছে। আনহাতে, বুধবাৰে একেৰাহে চতুৰ্থ দিনৰ বাবে ৰাজ্যত হোৱা বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। ভৈয়ামৰ জিলাসমূহত বানপানীৰ সৃষ্টি হোৱাৰ লগতে পাহাৰীয়া অঞ্চলৰ সংযোগী পথৰ ক্ষতিৰ বাবে চলাচলত সমস্যাৰ সৃষ্টি হৈছে।
ধৰালীত যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত
উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালীৰ খীৰগড়ত যোৱাকালি মঙলবাৰে ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ পিছত যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন আৰু অন্যান্য আনুষংগিক দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। এই পৰ্যন্ত ১৩০ জনতকৈ অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। সাহায্য শিবিৰত খাদ্য, পানী, ঔষধ আৰু থকাৰ ব্যৱস্থা কৰা হৈছে।
১৪ নং ৰাজপুতনা ৰাইফলছৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল হৰ্ষবৰ্ধনৰ নেতৃত্বত ক্ষতিগ্ৰস্ত অঞ্চলত প্ৰায় ১৫০ জন জোৱান সাহায্যৰ কামত নিয়োজিত হৈ আছে। একে সময়তে এছডিআৰএফৰ তিনিটা দল সেই স্থানত আছে আৰু গংগোত্ৰীত প্ৰায় ৭০ৰ পৰা ৮০জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। এছডিআৰএফৰ কমাণ্ডাৰ অৰ্পন যদুবংশীয়ে কয় যে দলটোৰ আন আন দলসমূহে উন্নত সা-সঁজুলি আৰু কুকুৰৰ দল লৈ সেই স্থানলৈ ৰাওনা হৈছে। অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণ আৰু হঠাৎ বানপানীৰ ফলত বহু ঠাইত পথ অৱৰোধ হৈ পৰিছে, যাৰ বাবে সেই স্থানত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
সাহায্যৰ কাম শক্তিশালী কৰাৰ বাবে দুজন আই জি, তিনিজন এছ পি, ১১জন ডেপুটি এছ পি আৰু প্ৰায় ৩০০ আৰক্ষীক স্থানলৈ প্ৰেৰণ কৰা হৈছে। পিএচি আৰু ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ বিশেষ দলো সাহায্যৰ কামত নিয়োজিত হৈ আছে। ৰাজহুৱা কাম বিভাগ আৰু বি.আৰ.অ. ৰুদ্ধ পথসমূহ মোকলোৱাৰ কামৰ নিয়োজিত হৈ আছে।
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ধৰালী ক্ষতিগ্ৰস্ত অঞ্চলৰ দুৰ্যোগৰ ক্ষতিগ্ৰস্তসকলৰ বাবে সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে ডেৰাডুন দুৰ্যোগ অভিযান কেন্দ্ৰৰ পৰা ধাৰালীৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ সকলো সাহায্য সংস্থাক সমন্বয়ৰে কাম কৰিবলৈ, ততাতৈয়াকৈ ক্ষতিগ্ৰস্তসকলক নিৰাপদ স্থানলৈ লৈ যাবলৈ আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।
ক্ষতিগ্ৰস্ত অঞ্চলত জৰুৰীকালীন সেৱাৰ বাহিৰে আন সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা, যোগাযোগ আৰু বিদ্যুৎ ব্যৱস্থা পুনৰুদ্ধাৰ কৰাৰ লগতে হোটেল আৰু হোমষ্টেত থকাৰ ব্যৱস্থা, খাদ্য আৰু ঔষধৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।
ইফালে স্বাস্থ্য সচিব ডাঃ আৰ ৰাজেশ কুমাৰৰ নিৰ্দেশমৰ্মে তিনিটাকৈ বিশেষজ্ঞ চিকিৎসকৰ দল উত্তৰকাশীলৈ প্ৰেৰণ কৰা হৈছে। হৰ্শিল পি এইচ চি, ভটৱাদী পি এইচ চি, জিলা চিকিৎসালয় উত্তৰকাশী, এইমছ ঋষিকেশ আৰু দুন চিকিৎসালয়ত অতিৰিক্ত বিচনা সংৰক্ষণ কৰা হৈছে। ১০৮ এম্বুলেন্স সেৱা হাই এলাৰ্টত থকাত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো চিকিৎসকৰ পাত বাতিল কৰা হৈছে। সাহায্য অভিযান ক্ষিপ্ৰ কৰিবলৈ সেনাবাহিনীৰ পৰা মি-১৭ আৰু চিনুক হেলিকপ্টাৰৰ লগতে ইউচিএডিএৰ হেলিকপ্টাৰ বিচাৰিছে। বতৰ অনুকূল হোৱাৰ লগে লগে আৰম্ভ কৰা হ’ব এয়াৰ ছাপৰ্ট।
কেদাৰনাথ যাত্ৰাত অস্থায়ী নিষেধাজ্ঞা, গংগোত্ৰী-যমুনোত্ৰী পথ বন্ধ
ৰুদ্ৰপ্ৰয়াগ জিলাত নিৰাপত্তাজনিত কাৰণত কেদাৰনাথ যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। গংগোত্ৰী আৰু যমুনোত্ৰী পথো বন্ধ। গংগোত্ৰী পথ বন্ধ হোৱাৰ বাবে সাহায্য আৰু উদ্ধাৰকাৰী দলে ধৰালী পোৱাত অসুবিধাৰ সন্মুখীন হৈছে।
ৰাজ্যত জাৰি কৰিলে কমলা আৰু হালধীয়া ৰঙৰ বতৰৰ সতৰ্কবাণী
বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ বাবে কমলা আৰু হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। আলমোৰা, পিথোৰাগড়, চামোলী, ৰুদ্ৰপ্ৰয়াগ, চম্পাৱত, পৌৰী আৰু উধম সিং নগৰৰ ১ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত আজি এদিনৰ ছুটী ঘোষণা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
