শোণিতপুৰ, ০৮ আগষ্ট (হি.স.)। তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত শ্ৰীমন্ত শঙ্কৰদেৱ: ভাষা,সাহিত্য,সংস্কৃতি আৰু দৰ্শন শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অহা ২৩ আৰু ২৪ আগষ্ট ২০২৫ তাৰিখৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ সহযোগত অনুষ্ঠিতব্য এই আলোচনা চক্ৰখনৰ মুল বিষয়ৰ সৈতে ৰজিতা খুৱাই উপ বিষয়সমূহ নিৰ্ধাৰণ কৰা হৈছে।
আলোচনা সত্ৰৰ উপ বিষয়সমূহ হ’ল -(১) মহাপুৰুষ শংকৰদেৱৰ জীৱন আৰু কর্ম,(২) মহাপুৰুষ শংকৰদেৱৰ জীবন আৰু দর্শন,(৩) মহাপুৰুষ শংকৰদেৱৰ সমসাময়িক সমাজ জীবন, (৪) ভক্তি আন্দোলন আৰু মহাপুৰুষ শংকৰদেৱ, (৫) মহাপুৰুষ শংকৰদেৱৰ নাটক, (৬) মহাপুৰুষ শংকৰদেৱৰ নাটকৰ চৰিত্র বিশ্লেষণ (যি কোনো),(৭) মহাপুৰুষ শংকৰদেৱ সৃষ্ট ভাওনাৰ সুত্ৰধাৰ, (৮) মহাপুৰুষ শংকৰদেৱ সৃষ্ট অংকীয়া নাটৰ পয়াৰ, বিলাপ, (৯) মহাপুৰুষ শংকৰদেৱ সৃষ্ট ভাওনাৰ শ্রীকৃষ্ণ, (১০) মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলীৰ ভাষা, (১১) মহাপুৰুষ শংকৰদেৱৰ নাটক পাৰিজাত হৰণৰ শশী আৰু সত্যভামাব চৰিত্র বিশ্লেষণ, (১২) বৈষ্ণব ধর্মত ব্যৱহাৰ হোবা বাদ্যযন্ত্র আক এইবোৰৰ ব্যবহাৰ, (১৩) মহাপুৰুষ শংকৰদেৱৰ নাট আৰু ইয়াৰ কলা কৌশল, (১৪) সমাজ সংস্কাৰক মহাপুৰুষ শংকৰদেৱ, (১৫) নৱ বৈষ্ণববাদ আৰু মহাপুৰুষ শংকৰদেৱ, (১৬) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যত লোক উপাদান, (১৭) মহাপুৰুষ শংকৰদেৱৰ বৰগীত, (১৮) সত্র আন্দ নামঘৰ, (১৯) মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলীত প্রকৃতি, (২০) নামপ্রসঙ্গ (চৈধ্য প্রসঙ্গৰ উল্লেখ), (২১) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যত ব্রজাবলী আৰু থলুবা শব্দ,
(২২) নামঘৰৰ সামজিক ভূমিকা, (২৩) মহাপুৰুষ শংকৰদেৱৰ চিত্ৰশিল্প, (২৪) মনিকাঞ্চন সংযোগ,
(২৫) মহাপুৰুষ শংকৰদেৱ আজিৰ মুখৰ প্রাসংগিকতা,
(২৬) কীর্তনৰ ধর্মীয় দর্শন আৰু সাহিত্যিক মূল্য,
(২৭) বৈষ্ণব ধর্মত দাস্যভক্তি আৰু ভক্তিৰ স্বৰূপ,
(২৮) মহাপুৰুষ শংকৰদেৱ বাষ্ট্রীয় গৌৰব।ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱৰ ‘ভাষা সাহিত্য-সংস্কৃতি আৰু দর্শন’ বিষয়ক যিকোনো বিষয় পাঠ কৰিব পাৰিব।
আলোচনা চক্ৰখনত অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্ৰ-ছাত্ৰী,লেখক-লেখিকাৰ পৰা গৱেষণা পত্ৰ আহ্বান কৰা হৈছে। সাৰাংশ জমা দিয়াৰ অন্তিম তাৰিখ ১৫/৮/২০২৫। গৱেষণা পত্ৰ ২৫০০ ৰ পৰা ৩০০০ শব্দৰ ভিতৰত হ’ব লাগিব। Seminarlgbgc@gmail.com এই মেইলত গৱেষণা পত্ৰ আৰু সাৰাংশ পঠিয়াব পাৰিব।পঞ্জীয়ন নিৰিখ হৈছে- অধ্যাপক-অধ্যাপিকাৰ বাবে ১০০০(এহেজাৰ টকা), গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে ৭০০(সাত শ টকা) আৰু গৱেষণা পত্ৰ অবিহনে উপস্হিত থকাসকলৰ বাবে ৫০০(পাঁচ শ টকা।) ধাৰ্য্য কৰা হৈছে। IQAC Lgb girls’ college, Uco Bank account no 0010200100015525, তেজপুৰ শাখাত পঞ্জীয়ন মাচুল জমা কৰিব পাৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তপন কুমাৰ কলিতা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনৰ সমন্বয়ক ড.পল্লব ভট্টাচাৰ্য্য আৰু মনোমতী কুৰ্মী ইচ্ছুক ব্যক্তিক ৯৮৬৪৭৩৭৫০৯,৮৮৭৮৬৯৫৪ ৯৪৩৫০৮২৫৪৪ এই মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ এক বিবৃতিত আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
