নতুন দিল্লী, ০৮ আগষ্ট (হি.স.)। দিল্লী প্ৰিমিয়াৰ লীগ (ডি পি এল)ত অৰুণ জেটলী ষ্টেডিয়ামত শুকুৰবাৰে ৰানৰ বৰষুণৰ সাক্ষী হৈ পৰে, য’ত ইষ্ট দিল্লী ৰাইডাৰ্ছে আউটাৰ দিল্লী ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অভিলেখৰ লক্ষ্য খেদি ৫ উইকেটত ঐতিহাসিক জয় লাভ কৰে। ২৩২ ৰানৰ বিশাল লক্ষ্যৰ পিছত খেদি খেদি ইষ্ট দিল্লী ৰাইডাৰ্ছে মাত্ৰ চাৰিটা বল বাকী থকা অৱস্থাত মেচখনত জয়লাভ কৰে। ডি পি এলৰ ইতিহাসত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ সফল ৰান চেজ।
ইয়াৰ পূৰ্বে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত আউটাৰ দিল্লী ৱাৰিয়ৰ্ছৰ দলে শক্তিশালী আৰম্ভণি কৰিছিল। মাত্ৰ ৫৬টা বলত ১১১ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল অ’পেনাৰ প্ৰিয়ংশ আৰ্য্য, য’ত আছিল ৭টা চাৰি আৰু ৯টা আকাশচুম্বী ছয়। তেওঁৰ লগতে কৰণ গাৰ্গেও ২৪ বলত ৪৩ ৰানৰ জ্বলন্ত ইনিংছ খেলিছিল। দুয়োৰে ইনিংছৰ বাবেই ৱাৰিয়ৰ্ছে ২০ অভাৰত ২৩১/৭ৰ শক্তিশালী স্ক’ৰ কৰে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইষ্ট দিল্লী ৰাইডাৰ্ছৰ আৰম্ভণি লৰচৰ কৰিছিল আৰু দলটোৱে প্ৰথম ৫১ ৰানত তিনিটা উইকেট হেৰুৱাইছিল যদিও ইয়াৰ পিছত অৰ্পিত ৰাণা আৰু অধিনায়ক অনুজ ৰাৱটে দায়িত্ব লয়। দুয়োজনে চতুৰ্থ উইকেটৰ বাবে ১৩০ ৰানৰ উজ্জ্বল অংশীদাৰিত্বৰে দলটোক কঠিন পৰিস্থিতিৰ পৰা উলিয়াই আনে। অৰ্পিত ৰাণাই ৪৫টা বলত ৮টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৭৯ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলাৰ বিপৰীতে অধিনায়ক অনুজ ৰাৱটে মাত্ৰ ৩৫টা বলত ৮৪ ৰানৰ ধুমুহাময় ইনিংছ খেলিছিল, য’ত ২টা চাৰি আৰু ৯টা ছয় আছিল।
এই জয়ৰ জৰিয়তে ইষ্ট দিল্লী ৰাইডাৰ্ছে ডিপিএলৰ ইতিহাসৰ সৰ্ববৃহৎ লক্ষ্যত সফলতাৰে অৰ্জন কৰাৰ এক নতুন অভিলেখ গঢ়িলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
