
তিনিচুকীয়া, ০৬ নৱেম্বৰ (হি.স.): সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াতো সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াত জন্ম গ্ৰহণ কৰিছিল সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাদেৱে । ড৹ ভূপেন হাজৰিকাদেৱে গীতেৰে সমগ্ৰ বিশ্বৰে মন জয় কৰি একতা ডোলেৰে বান্ধি ২০১১ চনৰ কালি দিনটোতে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে । এই উপলক্ষত যোৱা কালি বুধবাৰে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত সন্ধিয়া ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উদ্যানত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতি, স্থানীয় শিল্পী সমাজ, জনগোষ্ঠীৰ দল-সংগঠনৰ উদ্যোগত দিনযোৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ।
উক্ত অনুষ্ঠানত আৰম্ভণিতে কালি সন্ধিয়া ১০০ গছি বন্তি জ্বলাই স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
