তামুলপুৰ, ১১ ছেপ্টেম্বৰ (হি.স.)। বিটিআৰৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । এইবাৰ তামুলপুৰৰ শুক্লাই চেৰফাং সমষ্টিতো বিজেপি দখলৰ উদ্ধাৰ কৰিবলৈ ইউপিপিএল দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।
যোৱা বেলি মাত্ৰ অলপ ভোটৰ ব্যৱধানত ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰীয়ে পৰাজয়বৰন কৰিছিল। এইবাৰ পুনৰ প্ৰদীপ নাৰ্জাৰীক ইউপিপিএল দলে প্ৰাৰ্থীত্ব প্ৰদান কৰি সমষ্টিতো নিজৰ দখলত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
