
মাজুলী, ২৯ জুন (হি.স.)। নদীদ্বীপ মাজুলীৰ লগতে সমগ্ৰ অসমৰ বাবে বাবে এটা সুখবৰ। বিদেশলৈ ৰপ্তানি কৰা হৈছে মাজুলীত উৎপাদিত ৰঙা বাও চাউল । মধ্য এছিয়াৰ লগতে ইউৰোপৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে মাজুলীৰ ৰঙা বাও চাউল।
মাজুলীত উৎপাদিত ৰঙা বাও চাউল বিশেষ গুণসম্পন্ন। মাজুলীৰ জৈৱিক চাউলৰ জনপ্ৰিয়তা বাঢ়িছে ইউৰোপৰ লগতে মধ্য এছিয়াৰ বজাৰত। মাজুলীৰ পৰা আন্তৰ্জাতিক বজাৰলৈ প্ৰথম পৰ্যায়ত ২৬৭ মেট্ৰিকটন ৰঙা বাও চাউল ৰপ্তানি কৰিলে প্ৰশাসনে। কেন্দ্ৰীয় কৃষি বিভাগৰ তত্বাৱধানত এই মহত্বাকাংক্ষী প্ৰকল্প ৰূপায়ন কৰিছে মাজুলী জিলা প্ৰশাসনে। মাজুলীৰ পৰা ৰঙা বাও চাউল ভৰ্তি ট্ৰাক প্ৰথমে উত্তৰ ভাৰতলৈ লৈ যোৱা হ’ব। তাত এই চাউল সমূহৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰিও চাউলবোৰ ধুই পৰিস্কাৰ কৰা হ’ব। গুণগত মান পৰীক্ষা তথা চাউল ধুই পৰিস্কাৰ কৰাৰ পাছত পেকেজিং কৰা হ’ব। ইয়াৰ পিছত চেম্বাৰ্ছ অৱ কমাৰ্চে দিয়া নিৰ্দেশনাৰ ভিত্তিত মাজুলীৰ ৰঙা বাও চাউল বিদেশলৈ ৰপ্তানি কৰা হ’ব।
উল্লেখ্য যে মধ্য এছিয়াৰ বহুকেইখন দেশ, ইউৰোপৰ বিভিন্ন দেশৰ লগতে বিশেষকৈ ৰাছিয়ালৈ মাজুলীৰ চাউল ৰপ্তানি কৰাৰ পৰিকল্পনা কৰা হৈছে। মাজুলীৰ ৰঙা বাও চাউলৰ বিদেশত যথেষ্ট চাহিদা বৃদ্ধি পাইছে। মাজুলীৰ চাউলৰ চাহিদা বৃদ্ধি পোৱাৰ অন্তৰালত নিহিত হৈ আছে ইয়াৰ গুণগত মান। মাজুলীৰ ৰঙা বাও চাউল সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত হয়।
ভাৰত চৰকাৰৰ APEDA(Agricultural and Processed Food Products Export Department Authority)ৰ দৰে কেন্দ্ৰীয় সংস্থাই ইয়াৰ গুণাগুণ নিৰূপণ কৰি এই চাউলৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিছে। এপেডাৰ পৰীক্ষাত প্ৰমাণ পোৱা গৈছে যে মাজুলীৰ ৰঙা বাও চাউল সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত, য’ত কোনো ৰসায়নিক পদাৰ্থ অথবা কোনো কীটনাশক ব্যৱহাৰ কৰা হোৱা নাই। যাৰ বাবে ৰঙা বাও চাউল আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে ১০০% নিৰাপদ হিচাপে চিহ্নিত হৈছে।
মাজুলীৰ ৰঙা বাও চাউলে বিদেশত সমাদৃত হোৱাত উৎফুল্লিত হৈ পৰিছে মাজুলীৰ ৰাইজ তথা নদী দ্বীপটোৰ পৰিশ্ৰমী কৃষক সকল।
অলেখ প্ৰত্যাহ্বান নেওচি বিশ্বৰ বজাৰলৈ যাবলৈ সক্ষম হৈছে বানে গৰকা মাজুলীৰ কৃষকসকল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
