
তামলপুৰ, ১৩ জুলাই (হি.স.)। তামলপুৰৰ কুমাৰীকাটাত শনিবাৰে নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। কুমাৰীকাটাৰ ৰঙিয়া – ভূটান পথৰ তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা।
প্ৰাপ্ত তথ্য়মতে, ভূটানৰ পৰা জিপচাম কঢ়িওৱই অনা ইউপি ৫৩ জেটি ০১০৬ নম্বৰৰ দহচকীয়া ট্ৰাকে এএছ ০১ এএল ৬৪৭৩ নম্বৰৰ টাটা চাফাৰী গাড়ীখনক খুন্দিয়াই চোচৰাই লৈ যায় ৷ যাৰফলত ঈদুল হক নামৰ চালক এঘণ্টামান সময় গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকে। স্থানীয় লোকৰ সহায়ত আৰক্ষী প্ৰশাসনে যথেষ্ট তৎপৰতাৰে চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
টাটা ছাফাৰীৰ চালক আছিল ঈদুল হক ৷ চালক জনৰ ঘৰ কুমাৰীকাটাৰ কালিপুৰত বুলি জানিব পৰা গৈছে। চালক গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে আৰক্ষীৰ। ইপিনে দুৰ্ঘটনা স’ঘটিত কৰিয়েই ট্ৰেইলাৰৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
